Adcash

Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Tuesday, January 8, 2019

নগ্ন আজি আমি

নগ্ন আজি আমি
                  ✍ধনটি নেওগ
হায়!
এজন বদনৰ কাৰনে
অসমখন পৰাধীন হৈছিল
আন এজন বদনৰ কাৰনে
অসমীয়া জাতিটো বিশ্ববাসীৰ আগত নগ্ন হ'ল।
মানক আনিছিল বদনে,
বৃটিছক আনিলে খেদিবলে।
জাতি মাটি ভেঁতিৰ ৰক্ষাৰ কাৰনে
বিজেপিক বৰপিৰাত
বহালে অসমীৰ সন্তানে,
সেই বিজেপিয়ে
বিদেশীৰ কাৰনে
অসমীয়া জাতিক
কৰিলে নগ্ন।
ৰাইজে ভাবিছিল
ভাল দিন আহিব,
আহিল ভাল দিন
মাত্ৰ ৰাজপথত
হ'ব লগা হ'ল নগ্ন।
আগতে ভাবিছিলো
হিটলাৰ স্বেচ্ছাস্বাৰী,
বৃটিছ নিষ্ঠুৰ বুলি।
কিন্তু আজিহে বুজিলো
আচলতে আমিহে সহজ-সৰল
বাকিবোৰ চোন
ধূৰ্ত, নিষ্ঠুৰ একনায়কত্তবাদী।
আমিহে মূৰ্খ
সকলোকে সহজ-সৰল বুলি
ভাবি কৰো সদায় ভূল।
কথাতে কৈ বোলে
অচিন কাঠৰ
থোৰাও নলগাবা বুলি
লগাই বুজিলো
আৰু প্ৰমানো পালো
লগতে বিশ্ববাসীৰ আগত
নগ্নও হলো।
হায় !
এই অপমান কৰো
কেনেকৈ সহ্য!
নে আকৌ ধৰিব
লাগিব হেংদাং ,
বন্দুক বাৰুদ
আদি সকলো অস্ত্ৰ
কৰিব লাগিব সংগ্ৰাম,
আনিব লাগিব সন্মান।
দিব লাগিব বিদেশীক
চিৰ বিদায়,
তেতিয়াহে থাকিব
আমাৰ সন্মান,
আই তোৰে সন্মান,
আই তোৰে সন্মান।

Saturday, October 13, 2018

আবৰন

আবৰন

 ✍ ধনটি নেওগ
আহা আমি,
আন্ধাৰৰ আবৰন ফালি,
পোহৰ বিচাৰি যাওঁ।
হত্যা,হিংসা,ভ্ৰষ্টাচাৰৰ
শিপা উভালি পেলাওঁ।
আহা আমি,
সংসাৰৰ আৱৰ্জনা ৰূপী,
হিংসা-হত্যা আদি,
ব্যাধিবোৰক সমূলি
ত্যাগ দি,
দিও আহা নিজকে
ভদ্ৰ বুলি চিনাকি।
ভদ্ৰলোকৰ মুখা পিন্ধা
দালালবোৰৰ সমাজৰ,
পৰা কৰো আহা
নিজকে বহিষ্কাৰ।
আহা আমি,
হত্যা-লুণ্ঠন,ব্যাভিচাৰ,
বিয়পোৱা সকলক,
কৰো আহা আমাৰ
সমাজৰ পৰা বহিষ্কাৰ।
আহা আমি,
সকলোৱে মিলি,
ঘূৰাই আনো সমাজলৈ
শান্তি-সম্প্ৰীতি আৰু মিলা প্ৰীতি।
ধনটি নেওগ


মোৰ জীৱন

মোৰ জীৱন 
 :::::: ধনটি নেওগ
জীৱন নদীত
উটি ভাহি ফুৰিচো
এটুকুৰা শুকানকাঠৰ দৰে।
লগতে কঢ়িয়াইছো
দুখ দুৰ্দষা যন্ত্ৰনা আদি।
লগতে সহ্য কৰিচো
কত অপমান,
 কত কটু কথা
তথাপি জীয়াই আছো
জীয়াই থকাৰ আশাৰে
উজ্জ্বল ভবিষ্যতৰ আশাৰে
সংস্হাপন হোৱাৰ আশাৰে।
সপোনক বাস্তব কৰাৰ আশাৰে।
সকলোৱে সুখে শান্তিৰে
মিলা-প্ৰীতিৰে জীয়াই থকাৰ আশাৰে::::::::::
আছো জীয়াই,,,,,,,,,,,,,,,
থাকিম জীয়াই
জীয়াই নাথাকিলেও
আশা হৈ থাকিম জীয়াই
এই পৃথিৱীত
নহলে
সকলোৰে মনত
 :::::: ধনটি নেওগ

অৱহেলা

অৱহেলা
✍ ধনটি নেওগ
সপোন সদায় সপোন হৈ ৰয়
আশা সদায় আশা হৈ ৰয় ।
আপোন বুলি ভাবিলে
সদায় অচিনাকি জনো আপোন হয়
পৰ বুলি ভাবিলে
আপোনজনো পৰ হয়।
আপোনজন হেৰুৱালেহে
বুজি পোৱা যাই
অনুভৱ কৰিলেহে
বুুজিৱা যে
আপোন বুলি ভাবিবলৈও
এখন সুন্দৰ হৃদয়
লাগে বুলি।
নিজৰ অৱহেলাৰ
বাবে কোনোবাই
বুজিব জানো
কি হেৰুৱাব
লগা হ'ল।

স্মৃতি

স্মৃতি
        ✍ধনটি নেওগ
যেতিয়া নামি আহে গধুলি
তেতিয়া নামি আহে বেদনা,
লগতে নামি আহে অতিতৰ স্মৃতি
আৰু ভবিষ্যতৰ চিন্তা,
সেই চিন্তাই মোক
খাইচে  খুলি খুলি।
কি কৰো মই  এতিয়া !
নে দুচকুত অশ্ৰু লৈ
থাকিম জীয়াই
সুন্দৰ ভবিষ্যতৰ অপেক্ষাত ।