Adcash

Tuesday, January 8, 2019

নগ্ন আজি আমি

নগ্ন আজি আমি
                  ✍ধনটি নেওগ
হায়!
এজন বদনৰ কাৰনে
অসমখন পৰাধীন হৈছিল
আন এজন বদনৰ কাৰনে
অসমীয়া জাতিটো বিশ্ববাসীৰ আগত নগ্ন হ'ল।
মানক আনিছিল বদনে,
বৃটিছক আনিলে খেদিবলে।
জাতি মাটি ভেঁতিৰ ৰক্ষাৰ কাৰনে
বিজেপিক বৰপিৰাত
বহালে অসমীৰ সন্তানে,
সেই বিজেপিয়ে
বিদেশীৰ কাৰনে
অসমীয়া জাতিক
কৰিলে নগ্ন।
ৰাইজে ভাবিছিল
ভাল দিন আহিব,
আহিল ভাল দিন
মাত্ৰ ৰাজপথত
হ'ব লগা হ'ল নগ্ন।
আগতে ভাবিছিলো
হিটলাৰ স্বেচ্ছাস্বাৰী,
বৃটিছ নিষ্ঠুৰ বুলি।
কিন্তু আজিহে বুজিলো
আচলতে আমিহে সহজ-সৰল
বাকিবোৰ চোন
ধূৰ্ত, নিষ্ঠুৰ একনায়কত্তবাদী।
আমিহে মূৰ্খ
সকলোকে সহজ-সৰল বুলি
ভাবি কৰো সদায় ভূল।
কথাতে কৈ বোলে
অচিন কাঠৰ
থোৰাও নলগাবা বুলি
লগাই বুজিলো
আৰু প্ৰমানো পালো
লগতে বিশ্ববাসীৰ আগত
নগ্নও হলো।
হায় !
এই অপমান কৰো
কেনেকৈ সহ্য!
নে আকৌ ধৰিব
লাগিব হেংদাং ,
বন্দুক বাৰুদ
আদি সকলো অস্ত্ৰ
কৰিব লাগিব সংগ্ৰাম,
আনিব লাগিব সন্মান।
দিব লাগিব বিদেশীক
চিৰ বিদায়,
তেতিয়াহে থাকিব
আমাৰ সন্মান,
আই তোৰে সন্মান,
আই তোৰে সন্মান।

Wednesday, November 14, 2018

অনুশোচনা

অনুশোচনা
    ✍ধনটি নেওগ
  "অনুস্মিতা বিয়া সোমালে " কথাষাৰ শুনি অভিনৱ অস্হিৰ হৈ পৰিল। সি অলপ সময় ঠৰ লাগি ৰ'ল। লগে লগে তাৰ মনটো ৬ বছৰ অতিতলৈ উভতি গ'ল। তাৰ মনত পৰিল এদিন সি ভূলতে পঠোৱা মেছেজটোৰ কাৰণে কেনেকৈ দুয়ো আপোন হৈ পৰিছিল। সি তাইক মনে মনে ভাল পায় পেলাইছিল । কিন্তু তাইক সি ভাল পাঁও বুলি এবাৰো কবলৈ সাহস নকৰিলে। কোৱা হ'লে হয়টো আজি সি অনুশোচনা কৰিব লগা নহল হয়।
  আজি বহুত দিনৰ মূৰত অভিনৱ মোমায়েকৰ ঘৰলৈ আহিছে। আহিয়েই সি অনুস্মিতা বিয়া সোমোৱা বুলি শুনি কি কৰো কি নকৰো একো ভাৱিয়েই নাপালে। মনৰ আপোনজন হেৰাই গলে কেনেকোৱা অৱস্হা হয় বুজা জনেহে বুজিব। অলপ পিচত অভিনৱৰ মোমায়েকৰ ল'ৰা অনুপললৈ অভিনৱে ফোন কৰিলে।
অভিনৱ:: অই,অনু বিয়া সোমোৱা বুলি মোক কিয় ইমান দিনে নকলি?
অনুপল:: মই গম নাপাঁও । গম পোৱা হ'লে মই তোক জনালো হেঁতেন। তোক কোনে ক'লে নো?
অভিনৱ:: ৰজিয়ে ক'লে।অই তই মোৰ পৰা এটা কথা কিয় লুকুৱাই থলিনো?
অনুপল:: মই তোৰ পৰা কি লুকুৱালো নো?
অভিনৱ:: তই মোক অনুৰ কিছুমান কথা সম্পূৰ্ণকৈ নকলি।তই জানিছিলি যে মই আকাশ নামেৰে তাইৰ লগত কথা পাতো বুলি ।আৰু এটা কথা তাই আকাশক ভাল পায় বুলি জানিছিলি কিন্তু মোক কিয় নকলি? সেই গৰম বন্ধত তাইক মই লগ কৰিবলৈ যাম বুলা কথাষাৰ তই মোক এবাৰ কোৱা হ'লে। আজি কথাটো শুনি বহুত দুখ লাগিছে। কি কৰো কি নকৰো একো ভাৱি পোৱা নাই।
অনুপল:: মই আচলতে তই কথাটো জান বুলিহে নকলো। তইটো সেইবাৰ গৰম বন্ধত আমাৰ ঘৰলৈ আহি তাইক লগ কৰিলি বুলিহে ভাবিছিলো।আচলতে ৰজিয়ে এদিন কৈছিল যে তাইৰ বান্ধৱী অনুস্মিতাক লগ কৰিবলৈ আকাশ আহিব বুলি । কিন্তু ৰজিয়ে নাজানিছিলে যে তইয়েই আকাশ বুলি। নাম সলাই কথা পাতি থকাৰ মজা পালিনে? হ'ব তই এতিয়া দুখৰ কবিতা লিখি থাক ! ফোনটো থঁও দেই ! মোৰ কাম এটা আছে কৰি লঁও।
অভিনৱ:: তোকনো কি কম! মোৰ কবলগীয়া খিনি তোক ক'লো । মাথো অনুক হে মই কঁও কঁও কে এটা কথা কব নোৱাৰিলো।
অনুপলে ফোনটো কাটি দিয়াৰ পিচত অভিনৱে অনুস্মিতাৰ লগত কেনেকৈ চিনাকি হৈছিল মনত পেলাবলৈ ধৰিলে।
   ৬য় বছৰ আগতে অভিনৱে এদিন লগৰবোৰৰ লগতে মেছেজ কৰি থাকোতে ভূলতে এটা মেছেজ অনুস্মিতালৈ কৰি পাইছিল। কিন্তু সেইদিনা তাৰ মোবাইলত অনুপলৰ এখন ছিম সোমাই থকাৰ কাৰণে সি তাৰ ভূলটো গম নাপালে। আচলতে অনুস্মিতা অনুপলৰ ভনীয়েক ৰজিৰ বান্ধৱী আৰু সেইকাৰনে তাইৰ ফোন নম্বৰটো অনুপলৰ মোবাইত ছেভ কৰা আছিল।
অনুস্মিতাৰ ঘৰ অনুপলহঁতৰ ওচৰৰ গাঁওখনত।অভিনৱে খৰখেদাকৈ মেছেজ কৰি থাকোতে এটা মেছেজ ভূলতে অনুস্মিতালৈ পঠাই পাইছিল।অনুস্মিতাই সেইদিনা ভূলতে পঠোৱা মেছেজটোৰ উত্তৰ লগে লগে পঠোৱা হ'লে ইমান খেলি মেলি নহ'ল হয়। তেতীয়া হৈতো সি তাইক ক্ষমা খুজিব পাৰিল হয়। কিন্তু কি হ'ব বহুত দিনৰ মূৰত এদিন অনুস্মিতাই অভিনৱলৈ নতুন নম্বৰ এটাৰ পৰা মিছকল এটা দিলে। অভিনৱে ফোন কৰি তাইক সোধাত তাইৰ নাম প্ৰিয়া বুলি চিনাকি দিলে। তাই তাক ধেমালি কৰি থকা যেন লগাত অভিনৱে তাইক আকাশ বুলি চিনাকি দিলে।সেই দিনাৰ পৰা দুয়ো মাজে সময়ে কথা পাতিবলৈ ধৰিলে।
তেতিয়ালৈকে দুয়ো নিজৰ পৰিচয় গোপণে থৈ দিছিল।
  বহুত দিনৰ মূৰত অভিনৱ অনুপলহঁতৰ ঘৰলৈ গৈছিল।তেতিয়া ৰজিয়ে ফোন এটা কৰিবলৈ অভিনৱক মোবাইলটো বিছাৰিলে ।
ৰজি :: দাদা মবাইলটো দেচোন ফোন এটা কৰিব লাগে!
অভিনৱ:: ল এইটো ।কালৈনো ফোন কৰিবি তই?
ৰজি:: মোৰ লগৰ ছোৱালী এজনীলৈ ।
কথা পাতি  সম্পূৰ্ণ হোৱাৰ পিছত ৰজিয়ে মবাইলটো ঘূৰাই দিওতে ৰজিয়ে ক'লে
ৰজি:: মোৰ লগৰজনীৰ মবাইল নম্বৰটো ক'ত পালি?
অভিনৱ:: কি বুলি ছেভ আছে নো ? মই তোৰ লগৰ ছোৱালীক চিনিয়েই নাপাঁও নম্বৰ কেনেকৈ ছেভ কৰি থম নো? মই তোৰ লগৰ ছোৱালীৰ নম্বৰটো কৰ পৰা পামনো? এনেই ধেমালি কৰি  নাথাকিবি চোন।
ৰজি:: মই ধেমালি কৰা নাই । সঁচাকে কৈছো । চাই ল । অচিনাকী বুলি ছেভ আছে ।
অভিনৱ:: চাঁও দে । তই ছেভ কৰা নাইটো?
ৰজি:: মইযে ছেভ কৰা নাই দেই ।
অভিনৱ:: হ'ব তেনেহ'লে । তই ছেভ নাই কৰা যদি বাদ দে।
অভিনৱে ৰজিৰপৰা মবাইলটো লৈ দেখিলে যে ইমানদিনে কথা পাতি থকা প্ৰিয়াৰ ফোন নম্বৰ চোন।
অভিনৱ:: অই ৰজি তই আজি কালৈ কালৈ ফোন কৰছিলি?
ৰজি :: মই অকল অনুস্মিতালৈ ফোন কৰিছিলো।
অভিনৱ:: তেনেহলে ইটো কাৰ নাম্বাৰ ?
ৰজি:: অনুস্মিতাৰ।
অভিনৱ:: অ' , তই কোনখন ছিমৰ পৰা ফোন কৰিছিলি?
ৰজি::: কিয় সুধিলি। এক নম্বৰখনৰ পৰা কৰিলো। আৰু এটা কথা  মই  অনুস্মিতাক কৈ দিলো যে তোৰ ছিমৰ পৰা ফোন কৰিছিলো বুলি।
অভিনৱ:: হয় নিকি ? আৰু কি কি ক'লি?
ৰজি :: আৰু ক'লো যে দাদাই ফোন মাৰি থাকিলে বৌ বুলি মাতিম বুলি ক'লো।
অভিনৱ:: তোক ৰ !
    অভিনৱে তাইৰ দুয়োটা নম্বৰ মবাইলত ছেভ কৰি থলে। অভিনৱৰ মবাইলত দুখন ছিম থকাৰ কাৰণে বাচি গ'ল। কপাল ভাল আছিল কাৰণে
অভিনৱে প্ৰায়ে ফোন কৰি থকা নম্বৰটোৰ সলনি
ৰজিয়ে ইটো নম্বৰে ফোন কৰিছিল। নহলেটো আজি তাৰ আচল নামটো অনুস্মিতাই গম পাই গল হয়।
ঘৰলৈ অহাৰ পিচত অভিনৱে অনুস্মিতালৈ ফোন কৰিলে।
অভিনৱ:: হেল্ল , কি কৰিচা?
অনুস্মিতা:: হেল্ল, মই তাঁত বয় আছো ।কি খবৰ? কি হ'ল ইমান দিন খা খবৰ নাই যে?
অভিনৱ:: মোৰ ভালেই । তোমাৰ খবৰ কেনেকুৱা?মই অলপ কামত ব্যস্ত হৈ আছিলো।আজি অলপ সময় পালো কাৰণে ফোন কৰিলো।
অনুস্মিতা:: মোৰ ভালেই । ঘৰৰ খবৰ কেনেকুৱা?
অভিনৱ:: ঘৰৰ সকলোৰে ভাল।তোমাক কথা এটা সুধিব আছে , সঁচাকৈ কবা দেই ?
অনুস্মিতা:: কি কথা কোৱাচোন ! সঁচা কম বাৰু !
অভিনৱ:: তোমাৰ সঁচা নামটি কি হয় নো?
অনুস্মিতা:: তুমি যি বুলি জানা?
অভিনৱ:: মানে তোমাৰ নামটো প্ৰিয়া নহয়?
অনুস্মিতা:: মোৰ নাম প্ৰিয়া নহয় বুলি কেনেকৈ জানিলা? মোৰ সঁচা নামটো অনুস্মিতা হয়।
অভিনৱ:: গম পালো আৰু ।তুমি ইমান দিনে কিয় মিচা নাম দি থৈছিলা নো?
অনুস্মিতা:: আচলতে প্ৰিয়া মোৰ ভাল লগা নাম । সেইবাবে নিজকে সেই নামেৰে তোমাক চিনাকি দিছিলো। মই তোমাক মোৰ আচল নামটো কৈ দিম বুলি ভাবিছিলো ।কিন্তু কবলৈ সুবিধা পোৱা নাছিলো। আজি পালো কাৰনে কয় দিলো। তুমিও মোক সঁচা কথা এটা নোকোৱাকৈ লুকুৱাই থৈ দিচা?
অভিনৱ:: কি কথা ? মইটো তোমাক সকলো সঁচা  কথা  কলোৱেই চোন। কি বাকি থাকি গ'ল নো?
অনুস্মিতা:: প্ৰথমে তুমি মোলৈ মেছেজ কৰিছিলা । মোৰ নম্বৰটো ক'ত পাইছিলা?
অভিনৱ:: মই প্ৰথম তোমাক কেতিয়া মেছেজ কৰিছিলো মোৰ মনত পৰা নাই । মই যদি তোমালৈ মেছেজ কৰিছিলো তেন্তে কি বুলি কৰিছিলো কোৱাচোন ।
অনুস্মিতা:: ইমান ধুনিয়া কথাখিনি লিখি পঠাইছিলা আৰু পাহৰিলো বুলি কৈছা । শুনিলে হয়টো তোমাৰ মনত পৰিব । শুনা তেনেহলে
কম পানীত          নাঁও নচলাবা
       বঠা বাবলৈ টান।
অচিনাকীজনক মৰম নিদিবা
  পাহৰি যাৱলৈ টান।।

অভিনৱ::হয় নিকি। মই ভূলতে তোমালৈ মেছেজ কৰি পাইছিলো যদিও পাহৰিলো। মই তোমাৰ ফোন নম্বটো ক'ত পালো মই পাহৰিলো । মনত পৰিলে তোমাক কম বাৰু হ'বনে?
অনুস্মিতা :: হ'ব তেনেহলে ।সঁচাকৈ কবা কিন্তু গালি নাপাৰো । ভয় খাব নালাগে।
অভিনৱ:: হ'ব দিয়া । ভয় নাখাঁও । মনত পৰিলে কম দেই ।
ফোনটো কাটি দিয়াৰ পিচত অভিনৱে চিন্তা কৰিব ধৰিলে । মইনো কেনেকৈ ইমান ডাঙৰ ভূল কৰিব পাৰিলো।তাইক মই মোৰ সঁচা নামটো আৰু তাইক ভাল পাঁও বুলি কৈ দিব পাৰিলো হয় ।ভয় লাগিল কিজানি তাইক হেৰুৱাই পেলাঁও বুলি।তাইক মোৰ মনৰ কথা কবলৈ বহুত সুবিধা পাইছিলো । কিন্তু কব নোৱাৰিলো। আচলতে মই দুধুৰ-মুধুৰ পৰিস্হিতিত পৰিছিলো ।যদি তাইক কৈ দিলে তাই বেয়া পায় । কি হ'ব তেতিয়া ।সি একো ভাৱি নোপোৱা হ'ল।অৱশেষত সি যি হয় হব বুলি তাৰ আচল নামটো তাইক নোকোৱাৰ সিদ্ধান্ত ললে।যদি তাই কিবা প্ৰকাৰে তাৰ আচল নামটো গম পায় তেতিয়াহে সঁচা নামটো কোৱাৰ লগতে তাইক ইমান দিনে তাৰ নামটো লুকুৱাই থোৱাৰ কাৰণে তাইৰ ওচৰত ক্ষমা খুজিব বুলি ঠিক কৰিলে। আচলতে সি অকল তাৰ নামটোহে সলনি কৰি কৈছিল। কিন্তু পৰিস্হিতিয়ে তাৰ  সেই সিদ্ধান্তটোক ভূল বুলি প্ৰমাণ  কৰিলে ।
সেইদিনা অভিনৱে তাইক ভাল পাঁও বুলি আৰু তাৰ সঁচা নামটো কৈ দিয়া হ'লে হয়টো আজি সি অনুশোচনা কৰিব লগা নহল হয়। সি অস্হিৰ হৈ পৰিল আৰু কবিতা এষাৰি গুণগুণাই থাকিল ।
কম পানীত      নাঁও নচলাবা
    বঠা বাবলৈ টান।
অচিনাকীজনক মৰম নিদিবা
   পাহৰি যাবলৈ টান।।

   
Download our App

Saturday, October 13, 2018

My Life

My Life
     ✍ Dhanti Neog
I have loss everything
Nothing is with me
What can I do Now?
Only I have left my tears
That is only on my eyes.
Now How can I
pass my Sleepless nights?
What can I do?
Nothing!
Nobody tried to share
My sorrows.
Now I have thought
The friend did in indeed.